Advertisement

A man named Tiok Jyoti Hajarika established as sahityarathi

A man named Tiok Jyoti Hajarika established as sahityarathi সাহিত্যৰ ক্ষেত্ৰত
নীৰৱ সাহিত্যৰ সাধক টীয়কৰ অৰূপ জ্যোতি হাজৰিকা

সৃস্থিয়েই যাৰ লক্ষ্য, সাধনাই যাৰ কৰ্তব্য। যাৰ প্ৰতি মুৰ্হুততে কলমৰ পৰা নিগৰিত হয় সাহিত্যৰ বিভিন্ন উৎস।তেনে এজন নীৰৱ কবি, প্ৰাৱন্ধিক হ'ল যোৰহাট জিলাৰ টীয়ক পৰ্ৱতীয়া গাৱৰ স্বৰ্গীয় বোধেশ্বৰ হাজৰিকা অাৰু লাবন্য হাজৰিকাৰ পুত্ৰ অৰূপ জ্যোতি হাজৰিকা।
অসমৰ কাব্যিক জগতৰ এক সু পৰিচিত কবি গৰাকীয়ে অসমৰ বিভিন্ন কাকত অালোচনীত ধাৰাবাহিক ভাৱে লেখাৰ ওপৰিও বৰ্তমানলৈকে তেখেতৰ সাত খনকৈ কবিতা পুথি, সাতখন প্ৰৱন্ধ সংকলন, দহ খন শিশু উপযুক্ত কবিতা পুথি অাৰু কেইবাখনো গ্ৰন্থ প্ৰকাশৰ কাম হাতত লৈছে।সদৌ অসম ভিক্তিত অায়োজিত কবিতা অাৰু প্ৰৱন্ধ প্ৰতিযোগিতাত শতাধিক বাৰ পুৰস্কাৰ লাভ কৰিৱলৈ সক্ষম হয়।'অাপুনি কেনে অাছ?', ' নিষিদ্ধ চিঞৰ' অাদি কবিতা পুথিয়ে বিশেষ ভাৱে সমাদৰ লাভ কৰিছে। লগতে 'সাহিত্য সাধনা', 'বিহুৰে বতৰা'লৈ অাদিৰ প্ৰৱন্ধ সংকলন সমুহেও পাঠকৰ দৃষ্টি অাকৰ্ষন কৰিবলৈ সক্ষম হৈছে।২০১৩ চনত উত্তৰ-পশ্চিম কবি সন্মিলন, স্পৰ্শ অালোচনীয়ে এই জন লিখকৰ স্পৰ্শ অালোচনীৰ শ্ৰেষ্ঠ প্ৰাৱন্ধিক হিচাপে ২০১৮ চনত স্বীকৃতি প্ৰদান কৰিছে। নীৰৱ সাধনাত বৰ্তি থকা কবি গৰাকীয়ে টীয়ক কবি সন্মিলন,সামাজিক অনুস্থান,মৃগনাভি অাদি বিভিন্ন অনুস্থাত ওতঃ পোত ভাৱে জড়িত। বৰ্তমান সাহিত্যৰ যি লবী কেন্দ্ৰীক প্ৰভাৱ দেখা গৈছে সি নৱপ্ৰজন্মৰ সাহিত্যৰ ক্ষেত্ৰত ক্ষতি সাধন কৰাৰ অাকাংক্ষা বেছি। সেয়েহে সকলোৰে উৎকৃষ্ট সাহিত্যৰ সৃষ্টিত অাত্মনিয়োগ কৰাৰ অতীৱ প্ৰয়োজন বুলি যুৱ কবি গৰাকীয়ে জানিবলৈ দিয়ে ।

টীয়কৰ পৰা বিৰাজ বৰা Times Guwahati

sahityarathi

Post a Comment

0 Comments